Posts

Showing posts from 2014

আমেৰিকানৰ আচৰণ:

আমেৰিকানৰ আচৰণ: নলবাৰীৰ আনন্দ বিদ্যানিকেতনৰ ২২ তম বিদ্যালয় সপ্তাহ উপলক্ষে, আজি দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি হোৱা অনুভৱৰ পৰা অলপ কথা উল্লেখ কৰিব বিচাৰিছোঁ। উক্ত অনুষ্ঠানত উপস্থিত আছিল সেই বিদ্যালয়ৰ পৰা ২০১৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান প্ৰাপক ছাত্ৰ মানসজ্যোতি শৰ্মা। যিগৰাকী ছাত্ৰই অসম চৰকাৰৰ আঁচনি অনুযায়ী আমেৰিকাৰ 'নাছা' দৰ্শনৰ সুযোগ লাভ কৰিছিল। তেওঁ তেওঁৰ বক্তব্যত 'নাছা'ৰ বিষয়ে কিছু কথা কয়। ইয়াৰ ভিতৰত ৱাশ্বিংটনত হোৱা এটি অভিজ্ঞতাৰে আমেৰিকা আৰু আমাৰ দেশৰ মানুহৰ এটি বিশেষ পাৰ্থক্য সুন্দৰ ভাবে দাঙি ধৰে।  নিজৰ বক্তব্যত মানসে ক'লে যে- ''মোৰ দৃষ্টিত আমেৰিকা আৰু আমাৰ দেশৰ মূল পাৰ্থক্য হ'ল- মানুহৰ আচৰণ। যিটো কথা অনুভৱ হৈছিল যেতিয়া আমি সকলোৱে ৱাশ্বিংটনৰ এঠাইত ফটো তোলাত ব্যস্ত আছিলো। আমাক ফটো তুলি থকা দেখি এগৰাকী বৃদ্ধা মহিলা স্বইচ্ছাৰে আমাৰ পিনে আগুৱাই আহি ক'লে- 'কেমেৰাটো মোক দিয়ক। মই আপোনালোকক ফটো তোলাত সহায় কৰি দিব পাৰিম। নহ'লে আপোনালোকৰ কোনোবা এজন ফটো উঠাৰ পৰা বঞ্চিত হ'ব।

ঠেটুৱৈ জাৰ

ঠেটুৱৈ জাৰ নিবিড় সন্ধ্যা লগন ঠেটুৱৈ জাৰ সূৰুয লুকাই থাকিল মেঘৰ আঁৰত দিনৰ দিনটো। কুঁৱলী ঘন চাদৰ মেলি নিশা আহিল নামি। তোমাৰ কথা মনত পৰিল 'আজিৰ সৃষ্টি কি?' এইহেন জাৰত আৰুনো কৰিম কি? সাঁচি থোৱা শুকান খৰি কেইডালমান উলিয়ালোঁ দিয়াচলাইটো মাৰি জুই ধৰিলোঁ। তুমিও আহা ইয়ালৈ আলু পোৰা চোবাই চোবাই শীতৰ কবিতা ৰচিম, লগেভাগে খেদিম  ঠেটুৱৈ জাৰৰ অতপালি। ০৪ ফেব্ৰুৱাৰী ২০১৪ (মৰমৰ ৰাজুৰ হাতত) — with Raju Baruah. Like ·  · Promote · Share Pronashree Bora Dutta, Sarada Shrestha, Pranjal Bora and 14 others like this. Indranil Gayan ভাল লাগিল মনোহৰ দা| February 4 at 7:54pm · Like · 1 Raju Baruah শীতৰ ৰাতি কবিতাৰ বাবে বুকুখন জ্বলা ৷  তোক লগ পাবলৈ বুলি  আন্ধাৰ বাটেৰেই গুছি যাম  এটা ৰাতি,দুটা ৰাতিকৈ কবিতাৰ আঁচলত ধৰি  তয়ে ময়ে বছৰ বছৰ কটাম ৷  সূৰ্যটো ঢাকি নিদিবি  কিয়নো মোৰ আৰু তোৰ দৃষ্টি সূৰ্যমুখী ৷ February 4 at 7:57pm · Unlike · 7 মনোহৰ দত্ত হয়। 'সূৰ্যটো ঢাকি নিদিবি  মোৰ আৰু তোৰ দৃষ্টি সূৰ্যমুখী৷' সুন্দৰ। F

আৰ্চেনিক

আৰ্চেনিক  কিযে এক যন্ত্ৰনাকাতৰ পৰিৱেশ। ঘটনাবহুল জীৱন বেজাৰত সৰাপাতৰ দৰে সৰে। জীৱনে পাহৰে সেউজীয়া নৈৰ পানীৰ মাছবোৰলৈ ভয় বাঢ়ে। বিমোৰত পৰো বাৰে বাৰে অৱশ শৰীৰ তন্দ্ৰাত বিভোৰ সন্তৰ্পণে বিয়পে কলেৰা। ভূ-গৰ্ভৰ পৰা ওঁঠলৈ ওঁঠৰ পৰা কন্ঠলৈ কন্ঠৰ পৰা পাকস্থলী পাকস্থলীৰ পৰা সিৰাই সিৰাই। ঠিক যেন পিঠিত চুৰিকাঘাত কৰা বন্ধুৱেশী শত্ৰুৰ দৰে যাক কোনোৱে মৰণতো ক্ষমা নকৰে। পিয়াহৰ পানী টুপিত মৰণ ফান্দ। ০৫ ফেব্ৰুৱাৰী ২০১৪

মানুহৰ পৃথিৱীত

মানুহৰ পৃথিৱীত মানুহৰ পৃথিৱীত মানুহেই আঁকে মানুহৰ ছবি। ৰংবোৰ হৃদয়ৰ দৃষ্টিৰ তুলিকাৰে বুলাই ৰঙ। অবাক সময়ৰ বাকৰূদ্ধ গীত গাই কোনে? মানুহেই। মইও মানুহ হ'ব খোজো মানুহৰ দৰে। বুকুত লৈ মানুহৰ ছবি মানুহৰ ভীৰত বিলীন হৈ যাব খোজো মৃত্যুৰ আগতেই। পৰাহেঁতেন সাজিব হৃদয়ৰ আলয় হৃদয়ত? একাজলি মৰমৰ ফুল ছটিয়াই দিলোহেঁতেন মানুহ ভালপোৱা মানুহৰ বুকুত। মানুহৰ পৃথিৱীত মানুহেই আঁকে মানুহৰ ছবি। ০৫ ফেব্ৰুৱাৰী ২০১৪ (মৰমৰ ৰাজুৰ হাতত)