ঠেটুৱৈ জাৰ

ঠেটুৱৈ জাৰ

নিবিড় সন্ধ্যা লগন
ঠেটুৱৈ জাৰ
সূৰুয লুকাই থাকিল
মেঘৰ আঁৰত দিনৰ দিনটো।
কুঁৱলী ঘন চাদৰ মেলি
নিশা আহিল নামি।
তোমাৰ কথা মনত পৰিল
'আজিৰ সৃষ্টি কি?'
এইহেন জাৰত আৰুনো
কৰিম কি?
সাঁচি থোৱা শুকান খৰি
কেইডালমান উলিয়ালোঁ
দিয়াচলাইটো মাৰি
জুই ধৰিলোঁ।
তুমিও আহা ইয়ালৈ
আলু পোৰা চোবাই চোবাই
শীতৰ কবিতা ৰচিম,
লগেভাগে খেদিম 
ঠেটুৱৈ জাৰৰ অতপালি।

০৪ ফেব্ৰুৱাৰী ২০১৪
(মৰমৰ ৰাজুৰ হাতত) — with Raju Baruah.
Like ·  · Promote · Share
Pronashree Bora Dutta, Sarada Shrestha, Pranjal Bora and 14 others like this.

Indranil Gayan ভাল লাগিল মনোহৰ দা|
February 4 at 7:54pm · Like · 1

Raju Baruah শীতৰ ৰাতি কবিতাৰ বাবে বুকুখন জ্বলা ৷ 
তোক লগ পাবলৈ বুলি 
আন্ধাৰ বাটেৰেই গুছি যাম 
এটা ৰাতি,দুটা ৰাতিকৈ
কবিতাৰ আঁচলত ধৰি 
তয়ে ময়ে বছৰ বছৰ কটাম ৷ 
সূৰ্যটো ঢাকি নিদিবি 
কিয়নো মোৰ আৰু তোৰ দৃষ্টি সূৰ্যমুখী ৷
February 4 at 7:57pm · Unlike · 7

মনোহৰ দত্ত হয়।
'সূৰ্যটো ঢাকি নিদিবি 
মোৰ আৰু তোৰ দৃষ্টি সূৰ্যমুখী৷'
সুন্দৰ।
February 4 at 7:58pm · Like · 2

Hirákjyóti Báishýá Manohar dar kobita aru raju dar kabyik uttar val lagil.byatikrami kathopkathan..
February 4 at 8:00pm · Unlike · 2

মনোহৰ দত্ত ধন্যবাদ Hirákjyóti Báishýá, তুমিও আহা কাব্যৰ চোতাললৈ।
February 4 at 8:01pm · Like · 2

Hirákjyóti Báishýá  sesta korisu baru..
February 4 at 8:02pm · Unlike · 2

Indranil Gayan তোৰ বুকুতেই লিখি যাম অনামী কবিৰ হেজাৰটা শব্দৰ ঠিকনা| আহচোন দুয়ো একেলগে গুচি যাওঁ| Raju Baruah...
February 4 at 8:08pm · Like · 1

Raju Baruah Hirakjyoti, Indranil aru মনোহৰ ককাইদেউ ধন্যবাদ ৷ আমি কবিতাৰে কথা পাতিম কবিতাৰে ওমলিম ৷ জাৰে জহে কবিতা পিন্ধিম ৷
February 4 at 8:14pm · Unlike · 5

Raju Baruah মোক ইয়াতে কবৰ দে অথবা চিতা 
বুকুতে জ্বলি ৰ'ব কবিতাৰ জুইকুৰা
February 4 at 8:23pm · Unlike · 2

Indranil Gayan কবিতাৰ জুইকুৰা এনেদৰেই জ্বলি ৰওক তোৰ বুকুত, শেষ হ’বলৈ নিদিবি কাহানিও|
February 4 at 8:35pm · Edited · Unlike · 3

মৃণালী শইকীয়া বৰা মনোহৰ দাদা , Raju Baruah, Indranil Gayan আপোনালোকৰ কাব্যিক চোতালৰ কথোপকথন সঁচাকৈয়ে অতুলনীয় ..
February 4 at 8:38pm · Edited · Unlike · 4

Malabika Brahma Xeet okol tatei porise ne !
Xurjyomukhi kobitar umal porox
Biyopok edeo dudeo koi
Himxona thetuwoi loga
Monbur aamaru golok ! ... 
February 4 at 8:47pm · Unlike · 4

Raju Baruah কবিতা এটাৰ সৈতে আজি আবেলীটো খেদিলো 
এতিয়া সেই কবিতাৰ গুণগুণনী এটাতে মই আৱদ্ধ
February 4 at 8:50pm · Like · 1

মনোহৰ দত্ত ধন্যবাদ মৃণালী শইকীয়া বৰা। আপুনিও আহক কবিতাৰ চোতাললৈ।

হয় Malabika Brahma,

বৰফ হৈ পৰিব ধৰা মনবোৰে
টঙালি বান্ধক।
February 4 at 8:51pm · Like · 3

মনোহৰ দত্ত সুন্দৰ Indranil Gayan

ঠেটুৱৈ জাৰৰ জুইকুৰাতেই
বিচাৰি পাম
হেজাৰ অনামী কবিৰ
তপত বুকুৰ শব্দৰ ঠিকনা।
February 4 at 9:22pm · Edited · Like · 2

মনোহৰ দত্ত হয় ৰাজু,

কবিতাৰ জুইয়ে
পুৰি নিব বুকুৰ
যতমানে দুখ-বেজাৰ,
জাৰৰ চোতালত ওমলিব
শব্দৰ প্ৰবাল।
February 4 at 9:22pm · Edited · Like · 3

Raju Baruah কবিতাৰ জুই জ্বলে 
বুকুৰ আকাশত তৰা ফুলহৈ শব্দবোৰ ফুলে ৷ 
তয়ো চগা হ'
ময়ো চগা হ'ম 
কবিতাৰ জুইত জাহ যাবলে ৷
February 4 at 9:07pm · Unlike · 3

মনোহৰ দত্ত কবিতাৰ জুইত জাহ গৈ
শব্দ বুটলিম
জাৰৰ চাদৰত বুকুৰ চিয়াঁহীৰে
কবিতা লিখিম।
প্ৰতিটো পল উজলি উঠিব
ৰাতিৰ আকাশৰ মেঘে
মেলানি মাগিব।
জোনটো ওলাব
সিঁচিত শীতল জোনাক
কাব্যৰ চোতালত।
February 4 at 9:26pm · Like · 4

Raju Baruah আন্ধাৰ বাট এটাৰে গৈ আছিলো 
কবিতা এটা পালো কেকুৰিতে ৷
দুখোজ গ'লো 
উভতি চালো 
পোহৰ এবুকুৱে দুহাত মেলে, 
আগলৈ চালো 
চকুৰ স্পৰ্শলৈকে 
জোনাক সৰিছে ৷
February 4 at 9:31pm · Unlike · 3

Hirákjyóti Báishýá হেজাৰ আহুকালেৰে ভাৰাক্ৰান্ত
পাতালী সপোনবোৰৰ কুণ্ডলী ৰচিম
হাঁহিম আমি জেপত তৰা কিনা মানুহক
এন্ধাৰ ৰাতিৰ এন্ধাৰৰ পোছাক আঁতৰাম দশোদিশ
সূৰুজমুখী স্বপ্ন
আমাৰ কাম্য...
February 4 at 10:07pm · Unlike · 4

Raju Baruah ৱাহ কি সুন্দৰ ৷
February 4 at 10:12pm · Like · 1

মনোহৰ দত্ত স্বাগতম Hirákjyóti Báishýá

'এন্ধাৰ ৰাতিৰ এন্ধাৰৰ পোছাক'
জোনাক নিশাৰ জোনাকী চাদৰ হৈ উৰিব
শীতৰ ঠেটুৱৈ কবিতাৰ জুইয়ে আঁতৰাব।
শব্দৰ শোভাযাত্ৰা হওক
মানৱীয় সপোনৰ পম খেদি।
February 4 at 10:22pm · Edited · Like · 4

Indranil Gayan স্মৃতিৰ মানসপটত 
উৱলি ৰয় 
ভঙা ছিঙা মিনিট ঘন্টাৰ বেহিচাপী সময়
হৃদয়ৰ পৰা হৃদয়লৈ কিমান যোজন বাট
যিদৰে প্ৰতিটো পল অপেক্ষাৰে গণি গণি
সোঁৱৰণী হয়|
February 4 at 10:22pm · Unlike · 5

Hirákjyóti Báishýá এটি জীৱনৰ কি আছে অৰ্থ
যদিহে নাথাকে মাদকতাৰ বৈচিত্ৰ
তুমি মই আৰু এটি দুটি কবিতা
সৃষ্টিৰ দলিচাত মানৱতাৰ ঠিকনা
মানুহ মানুহৰ পদ্য অৰ্ঘ্য
জীৱনাতীত সৰগীয় আনন্দ...
February 4 at 10:26pm · Unlike · 5

মনোহৰ দত্ত হৃদয়ৰ পৰা হৃদয়লৈ যোৱা বাট
গোটেই জীৱন বিচাৰিব লাগে
হৃদয়ে হৃদয়ক যদিহে হৃদয় বুলি নিচিনে।
কিমান যোজন বাট নকৰিবা হিচাপ
হৃদয় এক মন্দিৰ জানিবা সদায়।
February 4 at 10:30pm · Like · 4

Hirákjyóti Báishýá এটি সাৰ্থক দিন

মোৰ দিনটো আজি আনন্দিত হ'ল
প্ৰিয় বন্ধুৰ স'তে প্ৰীতিভোজন কৰি
যত পুৰণি ৰাস্তাৰে বাট বুলি
কুমলীয়া সৰস্বতীৰে ভৱিষ্যতৰ ধেমেলীয়া সপোন লেখি...

মোৰ আবেলিটো আজি ফৰকাল হ'ল
প্ৰিয় বন্ধুৰে স'তে সান্ধ্যভ্ৰমণ কৰি
গোটেই গাওঁ অকাতৰে লিৰিকি

মোৰ নিশাটো আজি জীপাল হ'ল
দিনৰ ভাগৰে চকু গধূৰ কৰিলে
প্ৰিয়বন্ধুৰ কবিতালাপে দুখ আঁতৰাই পোহৰ নমাই আনিলে
পোহৰৰ নেজত ধৰি খুপি খুপি খোজ দিলোঁ
কবিতাৰ সৌন্দৰ্য চকু ভৰি চালোঁ।
February 4 at 11:03pm · Edited · Unlike · 7

মনোহৰ দত্ত কবিতাৰ উমাল স্পৰ্শ বুকুত।
কবিতাৰ ৰ'দ জোনাক
বুকুৱে বুকুৱে।
কবিতাৰো চোতাল আছে
কৈ গ'ল অথনিৰ
কাব্যিক আলাপে।
কবিতাৰ সৌন্দৰ্যনো কি!
হৃদয়ে হৃদয়ে বোৱাই
শব্দৰ নৈ
চকুৱে চকুৱে বিৰিঙে
ভোকৰ ভাতৰ ছবি।
February 4 at 11:08pm · Like · 7

Indranil Gayan কবিতা হৃদয়ৰ অনুভূতি, স্পন্দিত হয় অনুভৱ আৰু শব্দৰ উমাল স্পৰ্শত, আৰু তাৰ বুকুতেই প্ৰতিবিম্বিত হয় জীৱনৰ ছন্দ|
February 4 at 11:14pm · Unlike · 4

Jahnu Bharadvaz one of the best conversations I have ever heard....
February 5 at 10:55am · Unlike · 3

মনোহৰ দত্ত ধন্যবাদ Jahnu Bharadvaz, কেতিয়াবা তুমিও আহিবা এনে চোতাললৈ।
February 5 at 11:26pm · Like · 2

Comments

Popular posts from this blog

'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

আমেৰিকানৰ আচৰণ: