আৰ্চেনিক

আৰ্চেনিক 

কিযে এক
যন্ত্ৰনাকাতৰ পৰিৱেশ।
ঘটনাবহুল জীৱন
বেজাৰত
সৰাপাতৰ দৰে সৰে।
জীৱনে পাহৰে সেউজীয়া
নৈৰ পানীৰ মাছবোৰলৈ
ভয় বাঢ়ে।
বিমোৰত পৰো বাৰে বাৰে
অৱশ শৰীৰ তন্দ্ৰাত বিভোৰ
সন্তৰ্পণে বিয়পে কলেৰা।
ভূ-গৰ্ভৰ পৰা ওঁঠলৈ
ওঁঠৰ পৰা কন্ঠলৈ
কন্ঠৰ পৰা পাকস্থলী
পাকস্থলীৰ পৰা সিৰাই সিৰাই।
ঠিক যেন
পিঠিত চুৰিকাঘাত কৰা
বন্ধুৱেশী শত্ৰুৰ দৰে
যাক কোনোৱে মৰণতো ক্ষমা
নকৰে।
পিয়াহৰ পানী টুপিত
মৰণ ফান্দ।

০৫ ফেব্ৰুৱাৰী ২০১৪

Comments

Popular posts from this blog

'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

আমেৰিকানৰ আচৰণ:

ঠেটুৱৈ জাৰ