মানুহৰ পৃথিৱীত

মানুহৰ পৃথিৱীত

মানুহৰ পৃথিৱীত মানুহেই
আঁকে
মানুহৰ ছবি।
ৰংবোৰ হৃদয়ৰ
দৃষ্টিৰ তুলিকাৰে
বুলাই ৰঙ।
অবাক সময়ৰ বাকৰূদ্ধ
গীত গাই কোনে?
মানুহেই।
মইও মানুহ হ'ব খোজো
মানুহৰ দৰে।
বুকুত লৈ মানুহৰ ছবি
মানুহৰ ভীৰত
বিলীন হৈ যাব খোজো
মৃত্যুৰ আগতেই।
পৰাহেঁতেন সাজিব
হৃদয়ৰ আলয়
হৃদয়ত?
একাজলি মৰমৰ ফুল
ছটিয়াই দিলোহেঁতেন
মানুহ ভালপোৱা মানুহৰ
বুকুত।
মানুহৰ পৃথিৱীত মানুহেই
আঁকে
মানুহৰ ছবি।

০৫ ফেব্ৰুৱাৰী ২০১৪

(মৰমৰ ৰাজুৰ হাতত)
 

Comments

Popular posts from this blog

'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

আমেৰিকানৰ আচৰণ:

ঠেটুৱৈ জাৰ