আমেৰিকানৰ আচৰণ:

আমেৰিকানৰ আচৰণ:

নলবাৰীৰ আনন্দ বিদ্যানিকেতনৰ ২২ তম বিদ্যালয় সপ্তাহ উপলক্ষে, আজি দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি হোৱা অনুভৱৰ পৰা অলপ কথা উল্লেখ কৰিব বিচাৰিছোঁ।

উক্ত অনুষ্ঠানত উপস্থিত আছিল সেই বিদ্যালয়ৰ পৰা ২০১৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান প্ৰাপক ছাত্ৰ মানসজ্যোতি শৰ্মা। যিগৰাকী ছাত্ৰই অসম চৰকাৰৰ আঁচনি অনুযায়ী আমেৰিকাৰ 'নাছা' দৰ্শনৰ সুযোগ লাভ কৰিছিল। তেওঁ তেওঁৰ বক্তব্যত 'নাছা'ৰ বিষয়ে কিছু কথা কয়। ইয়াৰ ভিতৰত ৱাশ্বিংটনত হোৱা এটি অভিজ্ঞতাৰে আমেৰিকা আৰু আমাৰ দেশৰ মানুহৰ এটি বিশেষ পাৰ্থক্য সুন্দৰ ভাবে দাঙি ধৰে। 

নিজৰ বক্তব্যত মানসে ক'লে যে- ''মোৰ দৃষ্টিত আমেৰিকা আৰু আমাৰ দেশৰ মূল পাৰ্থক্য হ'ল- মানুহৰ আচৰণ। যিটো কথা অনুভৱ হৈছিল যেতিয়া আমি সকলোৱে ৱাশ্বিংটনৰ এঠাইত ফটো তোলাত ব্যস্ত আছিলো। আমাক ফটো তুলি থকা দেখি এগৰাকী বৃদ্ধা মহিলা স্বইচ্ছাৰে আমাৰ পিনে আগুৱাই আহি ক'লে- 'কেমেৰাটো মোক দিয়ক। মই আপোনালোকক ফটো তোলাত সহায় কৰি দিব পাৰিম। নহ'লে আপোনালোকৰ কোনোবা এজন ফটো উঠাৰ পৰা বঞ্চিত হ'ব।' সেইমতে আমি তেখেতক কেমেৰাটো আগুৱাই দিলোঁ আৰু তেখেতে ফটো তুলিলে। ফটো তুলি কেমেৰাটো ঘূৰাই দিয়াৰ সময়ত অকস্মাৎ তেখেতৰ হাতৰ পৰা কেমেৰাটো পৰি ভাঙিল। তাকে দেখি মৰ্মাহত হৈ বৃদ্ধাগৰাকীয়ে আঠুকাঢ়ি আমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। তেখেতৰ সেই আচৰণে আমাক আচৰিত কৰি তুলিলে। আনকি যোৱাৰ সময়ত ক্ষতিপূৰণ হিচাপে কেমেৰাৰ দাম আমাক দি গ'ল। পিছত আমি জানিব পাৰিছিলোঁ যে বৃদ্ধাগৰাকী এটি কোম্পানীৰ কাৰ্যবাহী বিষয়া। এনে আচৰণ আমাৰ দেশত আমি নিশ্চয় আশা কৰিব নোৱাৰো। আচলতে বৌদ্ধিক দিশত আমি আমেৰিকান সকলৰ লগত লাজ পাব লগা বিধৰ নহয় যদিও, আচৰণৰ ক্ষেত্ৰত আমি বহু পিছ পৰি আছো। যিটো অৱশ্যেই শিকিবলগীয়া আৰু আয়ত্বকৰিবলগীয়া বিষয় বুলি মোৰ অনুভৱ হয়।''

০২ ফেব্ৰুৱাৰী ২০১৪
1Like ·  · Promote · Share
Dhritiman Talukdar, Chakradhar Rajbongshi, Subhrajyoti Barman and 33 others like this.

ঈশানজ্যোতি বৰা 
February 2 at 6:54pm · Unlike · 1

Niranjan Bhuyan এনেকুৱা অভিজ্ঞতা আমাৰো আছে কিছু.... কেৱল আমেৰিকানেই নহয়, ইউৰোপীয় সকলৰ আচৰণবোৰতো শিকিবলগীয়া আমাৰ বহুত আছে....
February 2 at 9:32pm · Unlike · 1

Pranjal Bora ঠিক কৈছে দাদা। মইও কেইবাজনো আমেৰিকানৰ সান্নিধ্য পাইছো। অভিজ্ঞতা মধুৰ। মনত পৰে কেতিয়াবা।
February 2 at 9:49pm · Unlike · 1



Comments

Popular posts from this blog

'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

ঠেটুৱৈ জাৰ